অতি শীঘ্ৰেই বন্ধ হ’ব পাৰে মহানগৰীৰ চিটি বাছ সেৱা

116

প্ৰতিদিনে ডিজেলৰ দাম বঢ়াত পানীত হাঁহ নচৰা অৱস্থা হৈছে চিটি বাছৰ মালিক কৰ্মচাৰীৰ। এফালে কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে মাত্ৰ পঞ্চাশ শতাংশ যাত্রীৰে মহানগৰীত চলিছে চিটি বাছ সেৱা।
তাৰ মাজতে বৰ্দ্ধিত ডিজেলৰ দামৰ বাবে লোকচানৰ সন্মুখীন হৈছে বাছ মালিক সকল। পূৰ্বতে মহানগৰীত চলিছিল প্ৰায় ৭০০ খনকৈ বাছ। লকডাউনৰ সময়ছোৱাত বৰ্তমান চলি আছে প্ৰায় ৪০০ খন বাছ। পোণপটীয়াকৈ চিটি বাছ সেৱাৰ লগত জড়িত হৈ সংস্থাপন পাইছে প্ৰায় ৩,০০০ পৰিয়ালে। কিন্তু এই আৰ্থিক নাটনিৰ সময়ত এই সকলৰ বাবে চৰকাৰে গ্ৰহণ নকৰিলে কোনো সাহাৰ্য্যৰ ব্যবস্থা। নিজৰ লগতে আন বহু জনক সংস্থাপন দিয়া চিটি বাছ মালিক সকলে চৰকাৰৰ আত্মনির্ভৰশীল আচনিৰ অধীনত কোনো সহায় নোপোৱাকলৈ এক সংবাদমেল যোগে ক্ষোভ উজাৰে।
সংবাদমেলত নুনমাটি খানাপাৰা চিটি বাছ মালিক সন্থাই অতি শীঘ্ৰে ডিজেলৰ দাম হ্ৰাস কৰিবলৈ চৰকাৰক আহ্বান জনায়। তাৰোপৰি বাছ ভাড়া বৃদ্ধিৰ দাবী জনায় চাৰকাৰক। অন্যথা আগন্তক সময়ত লোকচানৰ বাবে চিটি বাছ সেৱা বন্ধ কৰিবলৈ বাধ্য হব বুলি মত ব্যক্ত কৰে মালিক সকলে।