অচিৰেই মাজুলীবাসীৰ বাবে মুকলি কৰি দিয়া হব আয়ুস হাস্পতাল: নিমাতিঘাটত মন্ত্ৰী কেশৱ মহন্তৰ ঘোষনা

127

ৰিদিপ বৰঠাকুৰ, যোৰহাট: নিমাতিঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ পাছতে ইজনৰ পাচত সিজনকৈ মন্ত্ৰী উপস্হিত হৈছেগৈ নিমাতি ঘাটত। যোৱা কালি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু আজি অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত নিমাতিঘাটত উপস্থিত হৈ নিমাতি ঘাট আৰু মাজুলীৰ মাজত থকা নৌকা সেৱাৰ বুজ লয়।

বৰ্তমান ব্ৰহ্মপুত্ৰৰ বুকুয়েদি নিমাতি ঘাট আৰু মাজুলীৰ মাজত ১০৮ জৰুৰীকালীন সেৱাত গুৰুত্ব প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। আনহাতে মাজুলীত যিখন আয়ুস হাস্পতালৰ কাম চলি আছে সেইখন অতি সোনকালে মাজুলী ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিয়া হব বুলিও জানিবলৈ দিয়ে তেওঁ।