অগ্নিকাণ্ডত ১০টা শিশুই প্ৰাণ হেৰুৱাৰ পিছত এতিয়া ক্ষতিপূৰণৰ মলম; মৃতকৰ পৰিয়ালে পাব ৫ লাখ

63

মহাৰাষ্ট্ৰৰ ভণ্ডাৰা জিলাত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয়। ভণ্ডাৰাৰ চৰকাৰী হাস্পতালত সংঘটিত অগ্নিকাণ্ডৰ ফলত ১০টা নৱজাতকে হেৰুৱালে প্ৰাণ। মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই ঘটনাটোৰ তদন্তৰ আদেশ প্ৰদান কৰিছে। ইফালে গৃহ মন্ত্ৰী অনিল দেশমুখে নিজে ঘটনাস্থলীলৈ ৰাওনা হৈছে। অনিল দেশমুখে সংবাদ মাধ্যমক জনালে যে ঘটনাটোৰ বাবে যিয়ে দায়ী, তেওঁলোকক ৰেহাই দিয়া নহ’ব।

ইয়াৰ মাজতে মহাৰাষ্ট্ৰ চৰকাৰে ভুক্তভোগীসকলৰ ঘাত মৰম লগাবলৈ ক্ষতিপূৰণৰ ঘোষণা কৰিছে। মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপেই মৃতকৰ পৰিয়ালক ৫-৫ লাখকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। আনফালে, উদ্ধৱ মন্ত্ৰীমণ্ডলত মহিলা তথা শিশু কল্যাণ বিভাগৰ ৰাজ্যমন্ত্ৰী বচ্চু কডুয়েই দুৰ্ঘটনাটোত নৱজাতকৰ মৃত্যুত শোকপ্ৰকাশ কৰে আৰু ক’লে যে এই ঘটনাটোত যি দায়ী তেওঁলোকক এৰি দিয়া নহ’ব।

তেওঁ আশ্বাস প্ৰদান কৰিছে যে দোষীৰ বিৰুদ্ধে শীঘ্ৰে তদন্ত অভিযান আৰম্ভ কৰা হ’ব। মহিলা তথা শিশু কল্যাণ বিভাগৰ ৰাজ্যমন্ত্ৰীয়ে ক’লে যে এই ঘটনাটো যথেষ্ট হৃদয়বিদাৰক। এই দুখ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। ইয়াৰ পূৰ্বে উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে প্ৰতিখন চৰকাৰী হাস্পতালৰ শিশু ৱাৰ্ডত Safety Auditৰ আদেশ প্ৰদান কৰিছে। উল্লেখ্য যে ৮-৯ জানুৱাৰীৰ নিশা ২ বজাত ভণ্ডাৰাৰ চৰকাৰী হাস্পতালত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল।