অগপক লাগে ৩০খন আসন, বিজেপিয়ে দিব বিচাৰে ১০ খন…

75

অগপক মাথো ১০ টা সমষ্টি এৰি দিবলৈ ৰাজি হৈছে ৰাজ্য চৰকাৰৰ মুখ্য দল বিজেপি৷ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দুয়োটা দলৰ শীৰ্ষ নেতাই বৈঠক কৰে৷ গুৱাহাটীত অনুষ্ঠিত গুৰুত্বপূৰ্ণ দুঘণ্টীয়া বৈঠকত দুয়োটা দলে আসনৰ ভাগ-বটোৱাৰা সন্দৰ্ভত আলোচনা কৰে৷ আলোচনা কালত অগপে দলে ১০খন আসন দাবী কৰিছিল বিজেপিৰ পৰা৷ কিন্তু বিজেপিয়ে মাথো দহখন আসনহে এৰি দিবলৈ মান্তি হয়৷ অগপ সভাপতি ১০ খন আসন মানি নললৈ৷ অতুল বৰাৰ সমষ্টি বোকাখাত, কেশৱ মহন্তৰ সমষ্টি কলিয়াবৰ, ফণীভূষণ চৌধুৰীৰ সমষ্টি বঙাইগাঁও এৰি দিয়াৰ লগতে বিশ্বনাথ, বকো, সৰুক্ষেত্ৰী, মানকাছাৰ, নাওবৈচা, হাজো, ছয়গাঁও সমষ্টি এৰি দবলৈ সাজু হয় বিজেপি৷ ইপিনে আসনৰ ভাগ-বটোৱাৰা সন্দৰ্ভত অহা ৪ মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত আসন ভাগ-বটোৱাৰা সন্দৰ্ভত হ’ব হ’ব পাৰে সিদ্ধান্ত৷