অখিল গগৈ-দেবাংগনা কলিতাসহ সকলো “কা-বিৰোধী” আন্দোলনকাৰীক মুক্তি দিয়া, গণতন্ত্ৰ ৰক্ষা আৰু অসুস্থসকলক চিকিৎসাৰ দাবীত ৰাজ্যজোৰা প্ৰতিবাদত নামিল চিপিআই(এম)

97

ষ্টাফৰিপৰ্টাৰ, অখিল গগৈ-দেবাংগনা কলিতাসহ সকলো “কা-বিৰোধী” আন্দোলনকাৰীক মুক্তি দিয়া, অসুস্থ কাৰাবন্দীসকলৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা আৰু গণতন্ত্ৰ ৰক্ষাৰ দাবীত আজি ৰাজ্যজোৰা প্ৰতিবাদ সাব্যস্ত কৰিলে চি পি আই (এম) দলে। গুৱাহাটীকে ধৰি ভালে কেইখন চহৰত লকডাউন চলি থকা আৰু বহুঠাইত নেৰানেপেৰা বৰষুণ সত্ত্বেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাৰ্টিৰ জিলা, আঞ্চলিক আৰু শাখা কমিটিসমূহৰ উদ্যোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। বিজেপি চৰকাৰে সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে ‘কা-বিৰোধী’ আন্দোলনৰ নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰি দীৰ্ঘদিন কাৰাবন্দী কৰি ৰাখিছে আৰু তেওঁলোকৰ ওপৰত মিছা গোচৰ জাপি দিয়া হৈছে। অতিমাৰী কোভিদ-১৯ৰ ব্যাপক সংক্ৰমণৰ সময়ত যেতিয়া কাৰাবন্দীসকলক যিমান দূৰ সম্ভৱ মুকলি কৰি দিয়া উচিত, সেই সময়তো চৰকাৰে আকোৰগোজ মনোভাৱ প্ৰদৰ্শন কৰি ‘কা-বিৰোধী’ আন্দোলনকাৰীসকলৰ বিৰূদ্ধে এটাৰ পাছত এটা নতুন গোচৰ জাপি দি কাৰাবন্দী কৰি ৰাখিছে। এনে অৱস্থাত অখিল গগৈ সহ কেইবাজনো বন্দী কাৰাগাৰত অসুস্থ হৈ পৰাৰ বাতৰি ওলাইছে। ইতিমধ্যে মানস কোঁৱৰ আৰু বিতু সোণোৱাল কোভিদ-১৯ ৰোগত আক্রান্ত হোৱাৰ উদ্বেগজনক খবৰ প্ৰকাশিত হৈছে।
এনে পৰিস্থিতিত চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে আজি ১০ জুলাইত অখিল গগৈ, দেৱাংগনা কলিতাসহ সকলো কাৰাবন্দী ‘কা-বিৰোধী’ আন্দোলনৰকাৰীক অতিশীঘ্ৰে মুকলি কৰা আৰু অসুস্থসকলৰ উপযুক্ত চিকিৎসাৰ লগতে গণতন্ত্ৰ ৰক্ষাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালনৰ আহ্বান জনাইছিল।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চি পি আই (এম) দলৰ কৰ্মী সমৰ্থকৰ লগতে বিভিন্ন অংশৰ গণতান্ত্ৰিক আৰু সচেতন ৰাইজে আজিৰ দাবী দিৱসত অংশগ্ৰহণ কৰে । অনহাতে সম্পূৰ্ণ লকডাউন থকা ঠাইত নিজ ঘৰৰ পৰাই দাবী সন্নিৱিষ্ট প্লেকাৰ্ড-ফেষ্টুন আৰু পোষ্টাৰ প্ৰদৰ্শন কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

গুৱাহাটীত চিপিআই(এম)ৰ ৰাজ্যিক কাৰ্যালয়ত লকডাউনৰ মাজতে স্বাস্থ্য বিধি মানি প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীত ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য ইচফাকুৰ ৰহমান, তপন শৰ্মা প্ৰমুখ্যে নেতৃবৃন্দই অংশ লয়। পাৰ্টিৰ ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্য আৰু কেন্দ্ৰীয় কমিটিৰ সদস্য সুপ্ৰকাশ তালুকদাৰে নিজৰ ঘৰৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটীৰ বশিষ্ঠৰ নতুন বজাৰতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

চি পি আই (এম)ৰ ৰাজ্যিক কমিটিৰ আহ্বানৰ প্ৰতি সঁ‌হাৰি জনাই শিলচৰ, হাইলাকান্দি, তিনিচুকীয়া, ডুমডুমা, ডিগবৈ, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, ধেমাজি, লক্ষীমপুৰ, ঘিলামৰা, ঢকুৱাখনা, বিশ্বনাথ চাৰিআলি, বালিপাৰা, ৰঙাপাৰা, ঢেকিয়াজুলি, মহৰিপাৰা, গোৰেশ্বৰ, হাজো-দমদমা, গোৱালপাৰা, ধুবুৰী, বিলাসীপাৰা, পুৱ বৰপেটা, বণিয়াকুচি, কয়াকুচি, ভৱানীপুৰ, সৰুপেটা, হাউলি, মানিকপুৰ, বিজনী, বঙাইগাঁও, বৰপেটা ৰোড, সৰভোগ, কলগাছিয়া আদি ঠাইত অখিল গগৈ-দেবাংগনা কলিতাসহ সকলো কা-বিৰোধী আন্দোলনকাৰীক মুক্তি দিয়া, অসুস্থ সকলোৰে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা আৰু গণতন্ত্ৰ ৰক্ষাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।