অখিল গগৈ এজন মিছলীয়া:দীপক দে

113

বিধায়ক অখিল গগৈ এজন মিছলীয়া, মিথ্যাবাদী আৰু হিন্দু বাঙালী বিৰোধীঃ মন্তব্য দীপক দে।
এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ হিন্দু বাঙালী আধিপত্যৰ বাবে খচৰা প্ৰকাশ হোৱা বুলি মন্তব্য কৰা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক উভতি ধৰিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দীপক দে’ই। তেওঁ কয় যে অসমত সমষ্টি নিৰ্ধাৰণৰ খচৰা প্ৰকাশ হোৱাৰ পাছৰ পৰা বিভিন্ন দল সংগঠনে নিজৰ অধিকাৰ বাবে প্ৰতিবাদ কৰিছে তাত আমাৰ কবলৈ একো নাই সেয়া সকলোৰে নিজৰ প্ৰাপ্য। কিন্তু বিধায়ক অখিল গগৈয়ে প্ৰতিটো কথাতেই হিন্দু বাঙালী লোক সকলক টানি আনি মন্তব্য কৰি থাকে। বিধায়ক গৰাকীয়ে কৈছে যে প্ৰকাশ কৰা খচৰা খন হিন্দু বাঙালীৰ স্বাৰ্থত প্ৰকাশ কৰা হৈছে। সেয়া সম্পুৰ্ণ মিছা কথা caa আন্দোলনৰ সময়তো তেওঁ অসমৰ ৰাইজক caa গৃহীত হ’লে বাংলাদেশৰ পৰা ১কোটি ৯০ লাখ মানুহ আহিব কত আহিলে তেওঁ দেখুৱাই দিব পাৰিব নেকি । গতিকে বিধায়ক অখিল গগৈ যে এজন মিছলীয়া, মিথ্যাবাদী, আৰু হিন্দু বাঙালী বিৰোধীৰ লগতে অসমীয়া বিৰোধী লোক হয়। তেওঁ সদায়েই কিবা এটা ইচ্ছু টানি আনি হিন্দু বাঙালী আৰু অসমীয়াৰ মাজত কাজিয়াৰ সৃষ্টি কৰিব বিচাৰে সেয়া আজিৰ তাৰিখত প্ৰমান হৈছে। তেনে বাঙালী বিৰোধী মন্তব্য দি অসমীয়া বাঙালীৰ মাজত থকা সাতামপুৰুষীয়া ভ্ৰাতৃবোধ বিনষ্ট নকৰিবলৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দীপক দে’ই সুকিয়াই দিছে।