ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ বৃহস্পতিবাৰে গুৱাহাটীৰ বিশেষ NIA আদালতত হাজিৰ হয়। ২০১৯ চনৰ ডিচেম্বৰ মাহত অসমত সংঘটিত হোৱা হিংসাত্মক ‘কা’ বিৰোধী প্ৰতিবাদৰ সময়ত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা দুটা গোচৰৰ বাবে আদালতত হাজিৰ হয় অখিল গগৈ।
NIA আদালতে আজি তেওঁক হাজিৰ হ’বলৈ কৈছিল। আদালতে তেওঁৰ বিৰুদ্ধে থকা গোচৰৰ শুনানি সম্পূর্ণ কৰি ৰায় সংৰক্ষিত কৰি ৰাখিছে৷
খবৰ অনুসৰি, বিষয়টোৰ আন এক শুনানি ২৮ ফেব্ৰুৱাৰীৰ বাবে নিৰ্ধাৰণ কৰা হৈছে যাৰ পূৰ্বে শুকুৰবাৰে অখিল গগৈৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।
উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পিছতহে এই বিষয়ত এন আই এৰ পৰা অধিক কাৰ্য্যবিধি হ’ব।
শিৱসাগৰৰ বিধায়কগৰাকীৰ বিৰুদ্ধে দাখিল কৰা গোচৰসমূহ চোৱাচিতা কৰিবলৈ অসম চৰকাৰে গৌহাটী উচ্চ ন্যায়ালয়ত আবেদন জনোৱাৰ পিছতে আজি NIA আদালতত হাজিৰ হ’বলগীয়া হয় অখিল গগৈ। এই আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে এন আই এ আদালতক গোচৰটো পুনৰ মুকলি কৰিবলৈ নিৰ্দেশ দিছিল।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অখিল গগৈক অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে গোচৰটো বশৱৰ্তী হৈ থকালৈকে বিষয়টোৰ সন্দৰ্ভত অখিল গগৈক অধিক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে নিৰ্দেশ দিছিল।
মঙলবাৰে উচ্চতম ন্যায়ালয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈক CAA বিৰোধী প্ৰতিবাদৰ গোচৰ আৰু সন্দেহযুক্ত মাওবাদী সম্পৰ্কৰ সৈতে জড়িত গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ লগতে তেওঁৰ আবেদনৰ ওপৰত NIAৰ পৰা অধিক সঁহাৰি বিচাৰিছিল।
