অখিল গগৈৰ তীব্ৰ সমালোচনা বিজেপি চৰকাৰক

88

Breaking@Desk:

নগাঁৱৰ লাওঁখোৱাৰ ভূৰবন্ধাত শিৱসাগৰৰ বিধায়ক অখিল গগৈ। ভূৰবন্ধাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অব্যাহত থকা গৰাখহনীয়াৰো বুজ ল’লে বিধায়ক গৰাকীয়ে।হিমন্তবিশ্ব শৰ্মা চৰকাৰে ১১ মাহেই হিন্দু মুছলমানৰ ৰাজনিতিলৈ ব্যস্ত থাকে, বাকী এমাহহে বানপানীৰ কথা পাতে, যাৰ ফলত অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ সমাধান কৰিব পৰা নাই।
বছৰি চাৰি হাজাৰ হেক্টৰ ভূমি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি ইতিমধ্যেই অসমৰ ৭ শতাংশ ভূমি খহনীয়াই লৈ গৈছে।বিজেপিক সমালোচনা কৰি কয় যে অসমত নিৰ্মাণ হবলগীয়া নদী গৱেষণা কেন্দ্ৰৰ ঠাইত বিজেপিৰ ৰাজপ্ৰসাদ অট্টালিকা নিৰ্মাণ কৰিছে।কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক মূল সমস্যা হিচাপে লোৱা নাই বুলি মন্তব্য বিধায়ক অখিল গগৈৰ।২৪ লাখ লোক বানৰ কবলত পৰিছে ৭৮ জন মানুহ মৃত্যু হোৱাৰ পিছতো অমিত শ্বাহে বানপানীৰ সমস্যাকলৈ কৰা মন্তব্যক সমালোচনা বিধায়ক গৰাকীৰ।A For Assam হব বুলি কোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসমৰ বান পৰিস্থিতিৰ বুজ লোৱা নাই।আনকি কোনো কেন্দ্ৰীয় মন্ত্ৰীয়েও অসমৰ বান পৰিস্থিতি চোৱা নাই বুলি ক্ষোভ অখিলৰ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আহি চেল্ফী লোৱা প্ৰধান মন্ত্ৰীয়ে কাজিৰঙাৰ সংকটৰ সময়ত চাই যাবলৈ আহ্বান বিধায়ক অখিল গগৈৰ।