অখিল গগৈৰ অসুস্থতাক নাটক আখ্যা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ, কিন্তু প্ৰশ্ন হয়…

108

আচলতে কোন ‘ডাঙৰ মানুহ’? অখিল গগৈ নে মন্ত্ৰী পীযুষ হাজৰিকা? এই প্ৰশ্নৰ উত্থাপন নিতান্তই প্ৰয়োজন। কিয়নো অখিল গগৈক ‘ডাঙৰ মানুহ’ বুলি ইতিকিং কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। এফালে ক্ষমতাত অধিষ্ঠিত হৈ থকা মহা শক্তিৱান মন্ত্ৰী, আনফালে ডেৰটা বছৰে বিনা দোষত কাৰাবন্দী হৈ থকা এজন সাধাৰণ মানুহৰ কথা এয়া।

বৃহস্পতিবাৰে এনআইএ আদালতে চানমাৰি থানা গোচৰত অখিল গগৈক দোষমুক্ত ৰায় দিয়ে। তাৰ পিছতে ডেৰ বছৰৰ কাৰাবন্দ্বীত্বৰ অৱসান ঘটাই মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হয় অখিল গগৈ। আৰু তেওঁৰ মুক্তিৰ পিছতে এতিয়া আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ক্ষমতাশালী মন্ত্ৰীৰ।

অখিল গগৈৰ মুক্তিৰ পিছত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি তীব্ৰ বাক্যবান এৰিছিল অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই। তেওঁ অখিল্ গগৈৰ অসুস্থতাক নাটক আখ্যা দি কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছতে কিদৰে হাস্পতালৰ পৰাও অখিলে মুক্তিলাভ কৰিলে বুলি কটাক্ষ কৰিছিল।

আজি পুনৰ পীয়ুষ হাজৰিকাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে অখিল গগৈ। মন্ত্ৰীজনে আজি কয়, “অখিল গগৈ ডাঙৰ মানুহ। অখিল গগৈৰ হাত দীঘল। অখিল গগৈয়ে কাৰোবাক ফিটিং দি দীঘলীয়া সময় মেডিকেলত (GMCH) আছিল।” ইমানেই নহয় “মেডিকেল (GMCH)ৰ ডক্টৰেও ভয় খায় অখিল গগৈক।’

কিন্তু এতিয়া প্ৰশ্ন উঠিছে, অখিল গগৈক মানসিক ৰোগী বুলি কোনে কৈছিল? অখিল গগৈ অসুস্থ যদি সঁচাকৈয়ে নাছিল, তেন্তে যিখন চৰকাৰে তেওঁক ষড়যন্ত্ৰমূলকভাৱে বন্দী কৰি ৰাখিছিল, সেই চৰকাৰখনে কি কৰিছিল? অখিল গগৈক আদালতে জামিন প্ৰদান কৰা নাই, দোষমুক্ত ৰায় দিছে। শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীৰ মুক্তি লাভে যে এতিয়া ৰাজ্যৰ বিৰোধী শক্তিক অধিক শক্তিশালী কৰিছে সেই কথা চৰকাৰখনে বুজি উঠিছে। সেই বাবেই পুনৰ এতিয়া চৰকাৰী মন্ত্ৰী-নেতাৰ আক্ৰমণ লক্ষ্য হৈ পৰিছে নেকি অখিল গগৈ, তাক লৈও প্ৰশ্নৰ উদয় হৈছে।