অখিল গগৈসহ কা-বিৰোধী নেতাসকলৰ স্বাস্থ্য পৰীক্ষা আৰু মুক্তিৰ দাবী-বাঁও-গণতান্ত্ৰিক মঞ্চ,অসমৰ

128

ষ্টাফৰিপৰ্টাৰ, অখিল গগৈ, বিতু সোণোৱাল সহ কা-বিৰোধী আন্দোলনৰ লগত যুক্ত হৈ দীৰ্ঘদিন কাৰাৰুদ্ধ হৈ থকা নেতাসকলৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটা আৰু তেওঁলোক কোভিড-১৯ত আক্রান্ত হোৱা বুলি সন্দেহ কৰাৰ খবৰো বিভিন্ন সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমবোৰত প্ৰকাশ পাইছে। কিন্তু অসম চৰকাৰে এই সংক্ৰান্তত কোনো স্পষ্টীকৰণ প্ৰকাশ নকৰাত ৰাজ্যৰ বাঁও-গণতান্ত্ৰিক দলসমূহৰ উমৈহতীয়া মঞ্চ—‘বাঁও-গণতান্ত্ৰিক মঞ্চ, অসমে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। মঞ্চৰ অন্তৰ্ভুক্ত দলসমূহৰ ভিতৰত আছে : চি পি আই, চি পি আই (এম), চি পি আই (এম এল), আৰ চি পি আই, এন চি পি, ৰাষ্ট্ৰীয় জনতা দল, জনতা দল (এছ), আম আদমী পাৰ্টি, অসম সংগ্ৰামী মঞ্চ আৰু লিবাৰেল ডেমক্ৰেটিক পাৰ্টি। মঙলবাৰে বাঁও-গণতান্ত্ৰিক মঞ্চই এটা বিবৃতিত কয় “কা-বিৰোধী আন্দোলনক নিঃশেষ কৰাৰ কু-অভিপ্ৰায়েৰে চৰকাৰে বিভিন্ন গোচৰ জাপি দি অখিল গগৈ, বিতু সোণোৱাল, ধৈর্য কোঁৱৰ, মানস কোঁৱৰ আদি নেতাসকলক কাৰাগাৰত বন্দী কৰি ৰাখি গণতান্ত্ৰিক প্ৰতিবাদ দমনৰ বাবে জঘন্য নীতিৰ আশ্ৰয় লৈছে। দৰাচলতে বিজেপি-নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত বিৰোধী শক্তিসমূহক দমন আৰু গণতন্ত্ৰ নিধন যজ্ঞ আৰম্ভ কৰিছে। বাঁও-গণতান্ত্ৰিক মঞ্চই কা-বিৰোধী আন্দোলনৰ লগত যুক্ত অখিল গগৈ সহ বিভিন্ন ৰোগত কাৰাগাৰত ভুগি থকা নেতাসকলৰ অবিলম্বে স্বাস্থ্যৰ পৰীক্ষা কৰা আৰু ৰোগীসকলৰ উন্নত চিকিৎসা নিশ্চিত কৰিবলৈ দাবী জনাইছে। অংশীদাৰ দলসমূহে অখিল গগৈ আৰু অন্যান্যসকলৰ স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা স্পষ্টীকৰণৰো দাবী উত্থাপন কৰিছে। সৰ্বোপৰি, অখিল গগৈ আৰু অন্যান্য সকলৰ বিৰুদ্ধে বিভিন্ন গোচৰ জাপি দি অন্যায়ভাবে কাৰাগাৰত বন্দী কৰি ৰখা কাৰ্যক বাঁও-গণতান্ত্ৰিক মঞ্চই তীব্ৰ নিন্দা কৰাৰ লগতে তেওঁলোকক অনতিপলমে মুক্ত কৰি দিবলৈ দাবী জনাইছে।”