অংকিতা লৌক্ষণ্ডেৰ এটা মন্তব্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া

128

ষ্টাফৰিপৰ্টাৰ, বলিউডৰ সুদর্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাক লৈ সৃষ্টি হৈছে নতুন ৰহস্য।
এইবাৰ এছ এছ আৰৰ একালৰ প্ৰেয়সী অংকিতা লৌক্ষণ্ডেৰ এটা মন্তব্যই সৃষ্টি কৰিছে আন এক ৰহস্যৰ।এই মন্তব্যৰ পাছতেই এতিয়া পুনৰ তীব্ৰ চৰ্চালৈ আহিছে বলীউদৰ জনপ্ৰিয় অভিনেতা জনৰ মৃত্যুৰ প্ৰসংগ। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে অভিনেত্ৰী অংকিতা লৌক্ষণ্ডেৰ মন্তব্য।
অংকিতাই কয় ,”সুশান্তই হতাশাত ভোগা নাছিল।তেওঁ এনেকুৱা মানুহ নহয় যে তেওঁ আত্মহত্যা কৰিব। মই জীৱনত সুশান্তৰ দৰে ব্যক্তি লগ পোৱা নাই। তেওঁ তেওঁৰ নিজৰ সপোন নিজেই ৰচিছিল। তেওঁ ডায়েৰীত সপোন বোৰ লিখি গৈছিল আৰু সেই সপোন বোৰ তেওঁ সফল কৰিবলৈও সক্ষম হৈছিল। উল্লেখযোগ্য ,সুশান্তৰ মৃত্যুৰ বাবে জগৰীয়া কৰি অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে সুশান্তৰ পিতৃ কে কে সিংএ ইতিমধ্যে দাখিল কৰিছে এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।